BLOG POSTS

২ মিনিট সময় হব আপোনাৰ এইটো চোৱাৰ….

২ মিনিট সময় হব আপোনাৰ এইটো চোৱাৰ….
 এই গল্পটো পঢ়ি আশা কৰো ভাল লাগিব আপোনাৰ । পুতেকে বাপেকক কৈ আছে দেউতা অহা মাহত আমাৰ পৰীক্ষাৰ ফলাফল দিব মই A+ পালে মোক বাইক কিনি দিব লাগিব ।
পৰীক্ষাৰ ফলাফল যিদিনা ওলায় সেইদিনা লৰাজনৰ খুশি কোনে দেখে ……….দেউতাকৰ ওচৰত আহি কলে দেউতাক মই A+ পাইছো । এইবাৰ কিন্তু বাইক কিনি দিবই লাগিব । বাপেকৰ চকুত গোপনে চকুলো আহিল । ভাবি আছে কিভাবে পুতেকক খুশি কৰা যায় ………!!!
তাৰ পিছে বাপেকে কলে : মই তুমাৰ উপহাৰ পঢ়াৰ টেবুলত ৰাখি আহিছো । লৰাজনে টেবুলৰ ওচৰত যাই দেখে এটা বাকচ , লৰাজনে ভাবিলে এইটোৰ ভিতৰত হয়তো চাবি । কিন্তু খুলি চায় সেইটোৰ ভিতৰ এটা কোৰআন শৰীফ (ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মীয় কিতাপ ) । লৰাজনে খঙত বাপেকৰ লগত কথা বন্দ কৰি দিলে । অথচ কিছুদিন পিছেত পঢ়াৰ কাৰনে বিদেশত গুচি গল । যোৱাৰ পিছত বাপেকৰ লগত কোনো যোগাযোগ নাই লৰাজনৰ । দুই তিনি বছৰ পিছত কল আহিল এদিন লৰাজনৰ ওচৰত । জানিব পাৰিল বাপেকে খুবেই অসূস্থ । বাপেকে তাৰ কাৰনে কান্দি থাকে সদায় । কিন্তু লৰাজনে বাপেকক দেখিবলৈ নগল । কিছুদিন পিছত লৰাজনৰ ওচৰত আৰু এটা কল আহে ………..জানিব পাৰিলে তাৰ বাপেকে এই পৃথিবীত আৰু নাই । বাপেক ঢুকোৱাৰ পিছত লৰাজন ঘৰত আহে কাৰন ঘৰ-বাৰী সকলো তাৰ নামত কৰি গৈছে অথচ এই সকলো সিয়েই দেখা-শুনা কৰিব লাগিব । তাৰ পিছত এধিন লৰাজনৰ বাপেকৰ কথা মনত পৰিল আৰু বাপেকৰ ৰুমত যাই কান্দি থাকিল । হঠাৎ দেখিলে তাৰ বাপেকৰ পঢ়াৰ টেবুলৰ ওপৰত ৰখা সেই বাকচো , যি বাকচ তাৰ বাপেকে উপহাৰ হিচাপে দিছিল তাক । লৰাজনে পবিত্ৰ হৈ কোৰআন শৰীফটো খুলি পঢ়িবলৈ ধৰিল  । হঠাত কৰিয়েই কোৰআন শৰীফৰ ভিতৰৰ পৰা চাবি পৰিল । সেইদিনাৰ চাবি আৰু এটা চিঠি পালে ।
তা লিখা আছিল ……….

মৰমৰ পুতেক মোৰ বিৰাট খুশি হৈছো যে তুমি A+ পাইছা । মই বিছাৰো আল্লাহৰ পৰীক্ষাতো তুমি এনেকৈ A+ পোৱা । চাবিটো হৈছে তুমাৰ নতুন বাইকৰ চাবি । আমালোকৰ গেৰেজত ৰখা আছে বাইক । লৰাজনৰ চকুত চকুলো ববলৈ ধৰিলে । লৰাজনে ভাবিলে বাপেকে বাইক তেতিয়াই কিনি কোৰআন শৰীফত ৰাখি দিছিল মোক ছাৰপ্রাইজ দিয়াৰ কাৰনে । লৰাজনে গেৰেজত গল আৰু দেখিবলৈ পালে তাৰ আটাইতকৈ পছন্দৰ বাইক তাত ৰখা । বাইক দেখি চকুলো ধৰি ৰাখিব নোৱাৰিলে লৰাজনে । আচলতে পৃথিবীৰ কোনো মাক-বাপেকে নিজৰ সন্তানৰ অমঙ্গল নুখুজে । মাক-বাপেকক কেতিয়াও কষ্ট নিদিব । মাক-বাপেক আমালোকৰ আটাইতকৈ আপোনজন । আশা কৰো সকলোৱে বুজিব পাৰিছে । ভাল লাগিলে নিশ্চয় কমেন্ট কৰিব ।
Powered by Blogger.
HTML